ইতিহাসৰ আৰত : প্ৰাগজ্যোতিষপুৰ । ,,, সৌৰজগতৰ উৎপত্তিৰ সময়ত জ্বলন্ত অগ্নিপিণ্ডবোৰ সূৰ্য্যৰ চাৰিওফালে ঘূৰিবলৈ ধৰিছিল। লাহে লাহে সেই অগ্নিপিণ্দবোৰ ঠাণ্ডা হৈ হৈ গেছীয় পিণ্ডত পৰিণত হ'ল। আৰু বেছি ঠাণ্ডা হোৱাত জলময় ৰূপ পালে। সূৰ্য্যৰ চাৰিওফালে ঘূৰি ফুৰা পিণ্ডবোৰে গ্ৰহৰ ৰূপ ল'লে। আমাৰ পৃথিৱীখনো জলময় আছিল। পিছলৈ ঠাণ্ডা হৈ পানীভাগৰ কিছু অংশ গোট মাৰি মাটিৰ ৰূপ ল'লে। এইদৰে পৃথিৱীৰ চাৰি ভাগৰ তিনি ভাগ পানী আৰু এভাগ ভূমি ৰূপ পালে। এই জলময় পৃথিৱীৰ পানীৰ পৰা, অৰ্থাত মহাসমুদ্ৰৰ পৰা পোন প্ৰথমে অসম আৰু জম্মু-কাশ্মীৰৰ ভূভাগ দৃশ্য মান হৈছিল ইয়াৰ পৰাই অনুমান কৰিব পাৰি,,, অসমৰ ইতিহাস কিমান পুৰণি হ'ব পাৰে।'অসম' নামটো পিছত হোৱা। স্বৰ্গদেউ চুকাফা আহি আহোম ৰাজ্য স্থাপন কৰাৰ পিছত,,,, 'আহোম'ৰ পৰা 'অহম'হয়, আৰু'অহম'ৰ পৰা অসম হয়। আহোম সকল অহাৰ আগতে অসমৰ নাম কামৰূপ ৰাজ্য আছিল। দ্বাপৰ যুগত শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ কোঁৱৰ আৰু উষা কুঁৱৰীৰ গোপন বিবাহৰ পিছত উষাৰ পিতৃ শোণিতপুৰৰ বাণৰজাই অনিৰূদ্ধক বন্দী কৰি ৰখাত তেওঁক মোকলাবলৈ শ্ৰীকৃষ্ণ আৰু পুত্ৰ প্ৰদ্যুন্ম শোণিতপুৰ লৈ ...