: ৰেখামনি বৰা।ইতিহাসবিদ। "স্বাভিমানৰ বজ্ৰ নিনাদ"-ইতিহাসৰ সোণালী পৃষ্ঠাত এজন দেশভক্ত বীৰপুৰুষ পিতাকৰ,পুতেকক উদ্যেশি কোৱা কথাষাৰ শুনকচোন। "ধিক তোৰ জীৱন। মোৰ লৰা হৈ স্বৰ্গদেউৰ লগত নমৰিলি কিয়? হয় মৰিব পাৰ, নহয় মাৰিব পাৰ। তেহে মোৰ লৰা। এনেকুৱা পো কেলেই লাগিছে। আন দা এখন ইয়াক আগতে কাটো"। ইয়াত কৈ স্বাভিমান, ৰাজ আনুগত্য আৰু স্বদেশ প্ৰেমৰ নিদৰ্শন কি লাগিছে। আহোম ৰাজতন্ত্ৰৰ জটিল সন্ধিক্ষণৰ এক ঘনঘোৰ সংকটত ৰাজমন্ত্ৰী ঘনশ্যাম বুঢ়াগোহাঁই য়ে নিজ পুত্ৰ পূৰ্ণানন্দ ক (সেই সময়ত পুএ পূৰ্ণানন্দ ই বুঢ়া গোহাঁই বিষয় বাব পোৱা নাছিল)এনে দৰে কৈ যাঠি এপাত গালৈ মাৰি দিছিল। আহোম ৰাজসিংহাসনত তেতিয়া স্বৰ্গদেউ গৌৰীনাথ সিংহ। স্বৰ্গদেউ লক্ষীসিংহৰ দিনত আৰম্ভ হোৱা মোৱামৰীয়া বিদ্ৰোহ সমাপ্ত হৈছিল যদিও বিদ্ৰোহৰ জুই কুৰা উমি উমি জ্বলি আছিল। ১৭৮২ খৃষ্টাব্দত এই কুৰা জুই দপদপাই জ্বলি উঠিল। আৰম্ভ হ ল দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ। সেই বছৰৰ বহাগ বিহুত দিখৌত নাও খেল খেলোৱা, মাছ মৰা চায় ...
Comments
Post a Comment