প্ৰাগজ্যোতিষপুৰ (মাধুৰী বৰুৱা, )

ইতিহাসৰ আৰত : প্ৰাগজ্যোতিষপুৰ ।🌷,,,🌞 
সৌৰজগতৰ উৎপত্তিৰ সময়ত জ্বলন্ত অগ্নিপিণ্ডবোৰ সূৰ্য্যৰ চাৰিওফালে ঘূৰিবলৈ ধৰিছিল। লাহে লাহে সেই অগ্নিপিণ্দবোৰ ঠাণ্ডা হৈ হৈ গেছীয় পিণ্ডত পৰিণত হ'ল। আৰু বেছি ঠাণ্ডা হোৱাত জলময় ৰূপ পালে। সূৰ্য্যৰ চাৰিওফালে ঘূৰি ফুৰা পিণ্ডবোৰে গ্ৰহৰ ৰূপ ল'লে। আমাৰ পৃথিৱীখনো জলময় আছিল। পিছলৈ ঠাণ্ডা হৈ পানীভাগৰ কিছু অংশ গোট মাৰি মাটিৰ ৰূপ ল'লে। এইদৰে পৃথিৱীৰ চাৰি ভাগৰ
তিনি ভাগ পানী আৰু এভাগ ভূমি ৰূপ পালে।🌎
এই জলময় পৃথিৱীৰ পানীৰ পৰা, অৰ্থাত মহাসমুদ্ৰৰ পৰা পোন প্ৰথমে অসম আৰু জম্মু-কাশ্মীৰৰ ভূভাগ দৃশ্য মান হৈছিল 💫🌎🌾
ইয়াৰ পৰাই অনুমান কৰিব পাৰি,,, অসমৰ ইতিহাস কিমান পুৰণি হ'ব পাৰে।'অসম' নামটো পিছত হোৱা। স্বৰ্গদেউ চুকাফা আহি আহোম ৰাজ্য স্থাপন কৰাৰ পিছত,,,, 'আহোম'ৰ পৰা 'অহম'হয়, আৰু'অহম'ৰ পৰা অসম হয়। আহোম সকল অহাৰ আগতে অসমৰ নাম কামৰূপ ৰাজ্য আছিল। দ্বাপৰ যুগত শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ কোঁৱৰ আৰু উষা কুঁৱৰীৰ গোপন বিবাহৰ পিছত উষাৰ পিতৃ শোণিতপুৰৰ বাণৰজাই অনিৰূদ্ধক বন্দী কৰি ৰখাত তেওঁক মোকলাবলৈ শ্ৰীকৃষ্ণ আৰু পুত্ৰ প্ৰদ্যুন্ম শোণিতপুৰ লৈ আহিছিল আৰু বাণৰজাৰ লগত যুদ্ধ কৰিছিল। যুদ্ধত বাণৰজা পৰাস্ত হয় আৰু মহাদেৱৰ পৰামৰ্শ মতে বাণ ৰজাই শ্ৰীকৃষ্ণৰ শৰণাগত হয় আৰু নিজৰ জীয়ৰী উষা আৰু শ্ৰী কৃষ্ণৰ নাতি অনিৰূদ্ধৰ বিবাহ সম্পন্ন কৰায়।সেই অভিযানৰ সময়তে প্ৰদ্যুন্মৰ ৰতিদেৱীৰ লগত সাক্ষাৎ হয় আৰু পূৰ্বজন্মৰ কথা স্মৰণ হৈ গ'ম পায় যে তেৱেই শাপগ্ৰস্ত কামদেৱ আছিল। নিজৰ পৰিচয় জ্ঞাত হৈ কামদেৱে নতূন ৰূপ পালে বাবে এই স্হান কামৰূপ নামে জনাজাত হয়। বিভিন্ন পুৰাণত কামৰূপ নামৰ উল্লেখ আছে।এয়া হ'ল দ্বাপৰ যুগৰ কথা। কামৰূপ নাম পোৱাৰ আগত এই স্হান প্ৰাগ্ জ্যোতিষপুৰ নামে বিখ্যাত আছিল।এই প্ৰাগজ্যোতিষপুৰ নামটো বিভিন্ন পুৰাণত পোৱা যায়। প্ৰাচীন প্ৰাগজ্যোতিষপুৰ বৃহৎ এলেকা আছিল যদিও এতিয়া বৃহত্তৰ গুৱাহাটীখনক প্ৰাগজ্যোতিষপুৰ বুলি ক'ব পাৰি।
এই প্ৰাগজ্যোতিষপুৰ নামটো ক'ৰ পৰা আহিল জানেনে ? পোন প্ৰথমে ব্ৰহ্মাই হেনো ইয়াত জ্যোতিষ চৰ্চ্চাৰ আৰম্ভ
কৰি ছিল। এয়া কোনো কাল্পনিক কথা নহয় । গুৱাহাটীৰ উত্তৰ দিশত ব্ৰহ্মপুত্ৰৰ পাৰত নৱগ্ৰহ পাহাৰত অৱস্থিত নৱগ্ৰহ মন্দিৰ টোই ইয়াৰ স্বাক্ষৰ বহন কৰিছে।এই নৱগ্ৰহ মন্দিৰত নটা গ্ৰহৰ লিংগ ৰূপ স্হাপিত হৈ আছে।য'ত প্ৰাচীন কালৰে পৰা নৱগ্ৰহৰ পূজা-অৰ্চ্চনা ব্ৰাহ্মণ পুৰোহিত সকলৰ দ্বাৰা হৈ আহিছে।এই প্ৰাচীন মন্দিৰ টো বিভিন্ন সময়ত মেৰামত হৈ আহিছে।এই অঞ্চলটো এতিয়াও জ্যোতিষ চৰ্চ্চাৰ কেন্দ্ৰ স্বৰূপ। মন্দিৰ আশে পাশে জ্যোতিষ বিজ্ঞানী,আচাৰ্যসকলৰ বাসস্হান আছে। নৱগ্ৰহ পাহাৰৰ ওপৰৰ পৰা ব্ৰহ্মপুত্ৰৰ সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰি।গ্ৰহদেৱতাৰ প্ৰতি নিবেদন কৰা ছাগলী, পাৰ'চৰাই আৰু বনৰীয়া বান্দৰ বোৰেৰে নবগ্ৰহমন্দিৰ আৰু চাৰিওফালৰ পৰিৱেশ গিজ্গিজাই থাকে।
নানা ধৰণৰ বৃক্ষলতাই অঞ্চলটো আশ্ৰমসদৃশ কৰি বিনন্দীয়া ৰূপ প্ৰদান কৰিছে।
এই নৱগ্ৰহ পাহাৰৰ দক্ষিণ ফালে নামনিত 'শিলপখুৰী' অতি বিখ্যাত ।এই শিলপুখুৰীটোত সদায় পানী দেখা যায়। পানীৰ তলত নটা কুণ্ড আছে।সেই কুণ্ড কেইটা জ্যোতিষ চৰ্চ্চাৰ লগত সম্বন্ধিত আছিল বুলি জনা যায়।ইয়াক নবগ্ৰহৰ কুণ্ড বুলিও কোৱা হয়।এই কুণ্ড সমূহ ইমান গভীৰ যে পানী সিচি উলিয়াই দিলেও সম্পূৰ্ণ কৈ চাফা কৰিব নোৱাৰি। বিশেষকৈ মাজৰ সূৰ্য্যকুণ্দটো কিমান গভীৰ আজিলৈকে কোনেও জনা নাই। জ্যোতিষ চৰ্চ্চাৰ বাবেই প্ৰাগজ্যোতিষপুৰ নাম প্ৰাচীন কালৰে পৰা বিখ্যাত।সেয়া সম্ভৱতঃ সত্য যুগৰে কথা।সমগ্ৰ গুৱাহাটী মহানগৰী এনে অতি প্ৰাচীন ইতিহাসমূলক কীৰ্তিচিহ্নৰে ভৰি আছে।
🌷🙏মাধুৰী বৰুৱা, চান্দমাৰী, নিজৰাপাৰ ৰোড, গুৱাহাটী,,,৭৮১০০৩🌾

 

Comments

Popular posts from this blog