: ৰেখামনি বৰা।ইতিহাসবিদ।

"স্বাভিমানৰ বজ্ৰ নিনাদ"-ইতিহাসৰ সোণালী পৃষ্ঠাত

   এজন দেশভক্ত বীৰপুৰুষ পিতাকৰ,পুতেকক উদ্যেশি কোৱা কথাষাৰ শুনকচোন। "ধিক  তোৰ জীৱন। মোৰ লৰা হৈ স্বৰ্গদেউৰ লগত নমৰিলি কিয়? হয় মৰিব পাৰ, নহয় মাৰিব পাৰ। তেহে মোৰ লৰা। এনেকুৱা পো কেলেই লাগিছে। আন দা এখন ইয়াক আগতে কাটো"।
            ইয়াত কৈ স্বাভিমান, ৰাজ আনুগত্য আৰু স্বদেশ প্ৰেমৰ নিদৰ্শন কি লাগিছে। আহোম ৰাজতন্ত্ৰৰ জটিল সন্ধিক্ষণৰ এক ঘনঘোৰ সংকটত ৰাজমন্ত্ৰী ঘনশ্যাম বুঢ়াগোহাঁই য়ে নিজ পুত্ৰ পূৰ্ণানন্দ ক (সেই সময়ত পুএ পূৰ্ণানন্দ ই বুঢ়া গোহাঁই বিষয় বাব পোৱা নাছিল)এনে দৰে কৈ যাঠি এপাত গালৈ মাৰি দিছিল।
           আহোম ৰাজসিংহাসনত তেতিয়া স্বৰ্গদেউ গৌৰীনাথ সিংহ। স্বৰ্গদেউ লক্ষীসিংহৰ দিনত আৰম্ভ হোৱা মোৱামৰীয়া বিদ্ৰোহ সমাপ্ত হৈছিল যদিও বিদ্ৰোহৰ জুই কুৰা উমি উমি জ্বলি আছিল। ১৭৮২ খৃষ্টাব্দত এই কুৰা জুই দপদপাই জ্বলি উঠিল। আৰম্ভ হ ল দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ। সেই বছৰৰ বহাগ বিহুত দিখৌত নাও খেল খেলোৱা, মাছ মৰা চায় আনন্দ কৰি থাকোতে স্বৰ্গদেউৰ ৰাতি হ ল স্বৰ্গদেউ জোৰ জ্বলাই কাৰেঙলৈ আহিল। ৰজাৰ লগত জোৰ ধৰা মানুহৰ লগত আত্মগোপন কৰি মোৱামৰীয়া বিদ্ৰোহী ও কাৰেঙৰ ভিতৰলৈ সোমাই দোলাকাষৰীয়া চৰাত জুই লগাই স্বৰ্গদেউক হত্যা কৰিবলৈ খেদি গ ল।
              স্বৰ্গদেউৱে "সৰুকলী" মাখুন্দী হাতী এজনীৰ পিঠিত উঠি বৰঘৰলৈ পলাই গ ল। বিদ্ৰোহীয়ে দোলাকাষৰীয়া বৰুৱা, লেফেৰা বৰুৱাক কাটি বৰচৰা, গন্ধীয়া ভঁৰাল সকলোতে জুই লগাই দিলে। গন্ধীয়া ভঁৰালৰ বহুতো মূল্যৱান নথিপত্ৰ জুইত জাহ গ ল। মাদুৰিয়াল বৰগোহাঞি, কেন্দুগুৰিয়া বৰপাত্ৰগোহাঁই, ন গোহাঞি, ভিতৰুৱাল ফুকন ইত্যাদি ৰাজবিষয়াৰ ঘৰত জুই লগাই দিলে। নগৰত হঠাৎ প্ৰচাৰ হল স্বৰ্গদেউক বিদ্ৰোহীয়ে হত্যা কৰাৰ গুজৱ। ঘনশ্যাম বুঢ়াগোহাঁইৰ পুএ পূৰ্ণানন্দ তেতিয়া গড়গাঁওত আছিল। এই খবৰ ৰংপুৰত থকা পিতৃক ততাতৈয়াকৈ দিবলৈ আহোঁতে খঙৰ ভমকত পুতেকলৈ যাঠি এডাল মাৰি এনে দৰে কৈছিল।
          পুএ পূৰ্ণানন্দক ৰংপুৰ ৰক্ষাৰ দায়িত্ব দি নিজে হৰনাথ বৰফুকনক লগত লৈ গড়গাঁওৰ বিদ্ৰোহ দমন কৰিবলৈ গল। অত্যন্ত সাহস আৰু কৌশলেৰে বিদ্ৰোহীক গড়গাঁৱৰ পৰা খেদি স্বৰ্গদেউ ক উদ্ধাৰ কৰে।
           &&&&&**&&&&&&&&&&&&&&

 ভদ্ৰেশ্বৰ শইকীয়।ইতিহাসবিদ।
*****
ৰাঙলী আইদেউৰ মৈদামৰ অৱস্থিতি আৰু চমু ইতিবৃত্ত।(প্ৰথম খণ্ড)
অৱস্থিতি ঃ অসমৰ গোলাঘাট জিলাৰ গোলাঘাট নগৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পূৱত বৰফুকন খাট গাঁৱত ৰাঙলী আইদেউৰ মৈদাম অৱস্থিত। বৰফুকন খাট গাঁৱৰ চাৰিসীমা ঃ উত্তৰে-- কছাৰী হাট চিনাতলী গাঁও।
পূৱে ঃ কছাৰী হাট গাঁও।
দক্ষিণেঃ আহোম গাঁও।
পশ্চিমে ঃ গোলাঘাট বেঙেনাখোৱা।
পথ নিৰ্দেশনা ঃ আমি জানো যে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ বাইহাটা চাৰিআলিৰ পৰা আৰম্ভ হৈ গুৱাহাটীৰ মাজেদি ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে গোলাঘাট জিলাৰ মাজেৰে পাৰ হৈ শদিয়াৰ ছৈখোৱাঘাটত শেষ হৈছে। গতিকে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গোলাঘাট নগৰলৈ তিনিটা প্ৰধান পথেৰে আহিব পাৰি।

এতিয়া গোলাঘাট নগৰৰ পৰা ৰাঙলী আইদেউৰ মৈদামলৈ দুটা পথেৰে আহিব পাৰি।
(১) গোলাঘাট নগৰৰ পৰা ঐতিহাসিক ধোদৰ আলিৰে পূৱলৈ প্ৰায় পাঁচ কিলোমিটাৰ আহিলে কছাৰীহাট পাব। কছাৰীহাটৰ পৰা দক্ষিণলৈ এক কিলোমিটাৰ আহি পুনৰ পশ্চিমলৈ তিনিশ মিটাৰ মান গ'লেই  ৰাঙলী আইদেউৰ মৈদাম পায়।
(২) গোলাঘাট নগৰৰ পৰা দক্ষিণলৈ গ'লে বেঙেনাখোৱা চাৰিআলি পাব। এই চাৰিআলিৰ পৰা পূৱলৈ প্ৰায় তিনি কিলোমিটাৰ আহিলে পথৰ দাঁতিতেই ৰাঙলী আইদেউৰ মৈদাম অৱস্থিত। ক্ৰমশঃ
লেখক পৰিচিতি ঃ
শ্ৰী ভদ্ৰেশ্বৰ শইকীয়া কমাৰবন্ধা
৭০০২২০৬১২০
%%%&&&&&&&&&&&&&&&
----------------------------
বীৰেশ্বৰ ৰাভা ইতিহাসবিদ।
-----------------------
ৰাভা জনজীৱনত দোমাছিঃ

কৃষি কৰ্মৰ কঠোৰ শ্রমৰ পাছত ভঁৰাললৈ সোণগুটি চপাই উঠি উদযাপন কৰা কৃষিভিত্তিক উৎসৱ ভোগালী বিহুৰ মাদকতা আপৰিসীম ।  হাড় ভঙা শ্রমৰ অন্তত বহুদিনীয়া প্ৰস্তুতিৰ শেহত বিবিধ পিঠা-পনা ,চিৰা,লাড়ু , জলপান আদিৰ পয়োভৰ ঘটে এই ভোগালী বিহুতেই । এইবোৰৰ জুতি লোৱ|ৰ লগতে আত্মীয় কুটুম্বকো ভোগালী বিহুৰ সময়ত আপ্যায়ন কৰি আনন্দ পোৱ| যায় । বিহুৰ সংক্ৰান্তিত লগভাত একেলগে খায়,ভাৱৰ আদান প্ৰদান কৰে আৰু মিতিৰ কুটুমৰ মাজত থকা মিলনৰ সম্পৰ্ক সুদৃঢ় কৰে । ৰাভা জনগোষ্ঠীৰ লোকসকলো ইয়াযৰ ব্যতিক্ৰম নহয় ।
মাঘ বিহুক ৰাভাসকলে অতীতৰে পৰা এতিয়াও পৰম্পৰাগতভাবে নিষ্ঠা সহকাৰে পালন কৰি আহিছে । ৰাভাসকলে মাঘ বিহুটিক "দোমাছি-দুমাছি" বা "দোমাহি" বুলি কয় ।
প্ৰাক দোমাছিঃ  গোৱ|লপাৰা জিলাৰ দক্ষিণ -পশ্চিম আৰু উত্তৰ-পূব অঞ্চলৰ পাতি ৰাভা সকলে দোমাহীৰ আগে আগে পুৱতি নিশা সমস্বৰে হৰিকীৰ্তন গীত গাই গাওঁ পৰিভ্ৰমণ কৰে । পুহ মাহৰ চতুৰ্থ সপ্তাহৰ পৰা দোমাহীলৈকে গাঁৱৰ বয়জ্যেষ্ঠ সকলৰ নেতৃত্বত পুৱতি নিশা খোল,তালেৰে ভক্তিমূলক হৰিনাম প্ৰভাতী গান গাই গঞাক জগাই তোলে । নিশা তৃতীয় প্ৰহৰত গোৱ| প্ৰভাতী গান শুণিলে পুণ্য আৰু মহৎ কাম কৰা হয় বুলি বিশ্বাস কৰে । প্ৰতি ঘৰৰ আগদুৱ|ৰেদি আগবাঢ়ি গৈ যেতিয়া শেষ গৃহস্থৰ ঘৰ পায়হি তেতিয়াই গীতৰ সামৰণি মাৰে । কিছুমান পৰিয়ালে প্ৰভাতী গানৰ সুৰ , ভক্তিত গদগদ হৈ প্ৰভাতী দলক আথে-বেথে মাতি নি চাহ-জলপানেৰে আপ্যায়ন কৰে ।
ভেলাঘৰ (মেজি) জ্বলোৱ|ৰ পিছৰ পৰা প্ৰভাতী গান গোৱ|টো নিষেধ । প্ৰভাতী গান গোৱ|ৰ ফলত গাওঁখনত অশুভ-অশান্তি নহয় বূলি ৰাভালোকৰ বিশ্বাস । কোনো এটা বছৰত এই গানৰ পৰম্পৰা ভঙ্গ হ'লে সমাজত কাজিয়া-পেচাল হোৱ|টো ধুৰুপ ।

ক্ৰমশঃ...এই লিখাটৌ ধাৰাবাহিক সম্প্ৰচাৰ কৰা হ"ব।
: ৰাঙলী আইদেউৰ ময়দাম আৰু ৰাভা জনজীৱনত দোমাছি   ,এই দুটা লেখা ধাৰাবাহিক সম্প্ৰচাৰ কৰা হব।   আপোনালোকৰ সহায় সহযোগীতা কামনা কৰা হ'ল।

Comments

Popular posts from this blog